কবিতা আৰু গদ্যৰ প্ৰেম তুংগত। কবিতাই মিচড কল দিয়ে আৰু
গদ্যই ফোন কৰে।
কবিতাই যদিও গদ্যলৈ মিচড কলহে দিয়ে, গদ্যই কিন্তু দুই
তিনিদিনৰ মুৰে মুৰে কবিতাৰ মোবাইলৰ বেনেঞ্চো ভৰাই দিব লাগে। কাৰণ তাই গদ্যলৈহে
মিচড কল দিয়ে, লগৰ ছোৱালীবোৰলৈতো আৰু মিচড কল দিব নোৱাৰি! আফটাৰ অল তাইৰ
বয়ফ্ৰেণ্ড গদ্য এজন চাকৰিয়াল! লগৰ বোৰৰ ওচৰত
সন্মানৰ প্ৰশ্ন এটাওতো আছে!
ঘন্টাৰ পিছত ঘন্টা কবিতাৰ লগত কথা পতাৰ ফলত গদ্যৰ
মোবাইলৰ বিলে আকাশ চুলে। ইফালে কবিতাৰ মোবাইলত দুই তিনিদিনৰ অন্তৰে-অন্তৰে ভৰাই
দিয়া বেলেঞ্চবোৰতো আছেই। সাতে পাঁচে ভাৱি গদ্যই নিজৰ মোবাইলৰ পৰাই কবিতাৰ বাবে
এটা ফে’চবুক একাউন্ট খুলি দিলে। আই ডি আৰু পাছৱৰ্ড কবিতাক দি ফে’চবুকত কেনেদৰে
ছাট কৰিব লাগে সেয়াও বুজাই দিলে।
এমাহমান কবিতাই কেৱল গদ্যৰ লগত ছাট কৰিলে। গদ্যৰ খুব ভাল লাগিল। এতিয়া কেৱল
কবিতাৰ নেট পেক আৰু অলপ ৰিচাৰ্জ কৰি দিলেই তাৰ হৈ যায়। খৰচ কমি আহিছে।
দিনে দিনে কবিতাৰ ফে’চবুক বন্ধুৰ পৰিমান বাঢ়ি অহা গদ্যৰ
চকুত পৰিল। তাই এতিয়া ছাট কৰাৰ লগতে ফটোও আপল’ড কৰিব পৰা হ’ল। অৱশ্যে গদ্যৰ লগত
ছাট ঠিকেই চলি থাকিল।
এনেদৰে তিনিমাহমান যোৱাৰ পাছত কবিতাৰ বন্ধুৰ পৰিমাণে
পাঁচ শ অতিক্ৰম কৰিলে। আজিকালি তাই ষ্টেটাচ আপদেটো দিয়ে। লগতে গদ্যৰ লগত ছাটো চলি
আছে।
লাহে লাহে গদ্যই মন কৰিলে যে কবিতাৰ তাৰ সৈতে কৰা ছাটৰ
সময় কমি আহিছে। তাই আন কাৰোবাৰ সৈতে ছাট কৰে নেকি বাৰু? গদ্যৰ সন্দেহ হ’ল। সি
কবিতাৰ একাউন্টটো খুলি চাব খুজিলে। নাই। খুলিব নোৱাৰি। ইতিমধ্যে কবিতাই পাছৱৰ্ড
সলনি কৰিছে। সেই মাহত কবিতাৰ নেট পেক শেষ হোৱাৰ সময় পাৰ হৈ যোৱাৰ পাছতো গদ্যই ভৰাই নিদিলে। কিন্তু তাৰ পাছতো সি মন কৰিলে যে
কবিতা অনলাইন আছে।
ঘটনাবোৰ ভাললৈ হৈছে
নে বেয়ালৈ হৈছে গদ্যই ঠিক ধৰিব নোৱাৰিলে। কিন্তু সি বুজিলে, যে নেট পেক আৰু
ৰিচাৰ্জৰ খৰচৰ পৰা সি ক্ৰমাৎ মুক্তি পাইছে!
No comments:
Post a Comment