Wednesday 31 July 2013

চক্ৰবৎ (আধামিনিটৰ গল্প)



দত্তৰ হাতুৰীটো হেৰাল
গোটেই ঘৰৰ চুক-কোণ বিছৰাৰ পিছত শ্ৰীমতী দত্তৰ মনত পৰিল যে হাতুৰীটো দুমাহমান আগতে এদিন কলিতাই নিছিল, কিন্তু ঘূৰাই দিয়া নাই ইফালে কলিতা সপৰিয়ালে ফুৰিবলৈ গৈছে তেওঁলোকৰ ঘৰৰ তলা বন্ধ দত্ত আৰু শ্ৰীমতী দত্তই কলিতাক গালি পৰিবলৈ আৰম্ভ কৰিলে মানুহবোৰে বস্তুবোৰ প্ৰয়োজনৰ সময়ত নিয়ে কিন্তু কাম হৈ যোৱাৰ পিছত ঘূৰাই নিদিয়ে দত্তহঁতৰ আৰু বহুতো কথাই মনত পৰিল চাংমায়ে দুখন দূস্প্ৰাপ্য চিদি চাবলৈ বুলি নি ঘূৰাই নিদিলে শইকীয়াই আকৌ কেইবাখনো কিতাপ পঢ়িবলৈ নিলে যে নিলেই আৰু!  মূঠতে দত্তহঁতৰ যি বস্তু কোনোবাই নিছে তাৰ একোৱেই কোনেও সময়ত ঘূৰাই দিয়া নাই সকলো বস্তু দত্তহঁতে নিজেই খুজি আনিবগৈ লাগে এনেদৰে  প্ৰায় সকলো ওচৰ চুবুৰীয়া আৰু বন্ধু-বান্ধৱক দুয়ো গালি পাৰিবলৈ লাগিল
তেনেতে দুৱাৰত টোকৰ পৰিল গালি-গালাজ বন্ধ কৰি দত্তই দুৱাৰ খুলি দি দেখিলে বাহিৰত হাজৰীকা ৰৈ আছে কোনো ভূমিকা নকৰাকৈ হাজৰীকাই দত্তক ক'লে -মোৰ ৰেন্সডাল দিয়কচোন!”

No comments:

Post a Comment