Monday, 4 November 2013

এটা আধৰুৱা প্ৰেম কাহিনী


বহু দিনৰ আগৰ কথা। দত্তই সেই সময়ত এটা পাহাৰীয়া এলেকাত চাকৰী কৰে। সেই ঠাইৰ ভাষা বেলেগ। দত্তই অফিচৰ মানুহখিনিৰ বাহিৰে কাৰো লগতে ভা বিনিময় কৰিব নোৱাৰে। সেই অঞ্চলত এখন পূজা বৰ ডাঙৰকৈ পতা হয়। চাৰিদিন চাৰি ৰাতি নানান ধৰণৰ সাংস্কৃতিক উৎস হয়। দত্ত সেই অঞ্চলত নতুন। গতিকে তেওঁ সেই চাৰি ৰাতি পূজা উৎস উৎস উপভোৰগ কৰাৰ সিদ্ধান্ত লে।

যেনে কথা তেনে কাম। প্ৰথম ৰাতি উৎস উপভোগ কৰি থাকোতেই এজনী সুন্দৰী ছোৱালী দত্তৰ চকুত পৰিল। পাহাৰীয়া সৌন্দৰ্য্যৰে ভৰপূৰ ছোৱালীজনীয়েও দেখোন দত্তৰ ফালে লুকাই লুকাই চাই থাকিবলৈ লে। প্ৰথম দুই ৰাতি চকুৱে চকুৱে চাই থকাৰ পিছত তিনি নম্বৰ ৰাতি দত্তই সাহস কৰি ছোৱালীজনীলৈ এখন চিঠি লিখি আনিলে, চিঠিখন ভয়ে ভয়ে আৰু বহুতো কষ্টৰ মূৰত ছোৱালীজনীৰ হাতত দিলে। যিহেতু ভাষাৰ সমস্যা আছিল, সেয়ে চিঠিখনত মাত্ৰ “I love you.” বুলিহে দত্তই লিখিছিল।

চাৰি নম্বৰ ৰাতি দত্তই ভয়ে ভয়ে পূজা মণ্ডপত ভৰি দিলে। ছোৱালী জনীয়ে আগৰ দৰেই দত্তৰ ফালে চাই থাকিল। এপাকত দত্তক আচৰিত কৰি তায়ো এখন চিঠি দত্তক দিলেহি। পিছে মনে মনে চিঠিখন পঢ়িবলৈ লওঁতেহে দত্তৰ বাৰ বাজিল। কি লিখা আছে তেওঁ মুঠেই বুজি নাপালে। বেলেগ ভাষাত লিখা।

অৱৰশেষত ৰাতি পুৱাল। পূজাৰ পৰা সকলোব ল। দত্তয়ো আমন জিমনকৈ বাট লে। কিন্তু টিঠিখনতনো কি লিখা আছে তাকে জানিবলৈ তেওঁৰ বৰ মন ল।

বাটতে এজন মানুহে দাঁত মাজি আছিল। দত্তই চিঠিখন দেখুৱাই তাতনো কি লিখা আছে বুজাই দিবলৈ আকাৰে ইংগিতে মানুহজনক অনুৰোধ কৰিলে। পিছে বুজাই দিয়াতো বাদেই, মানুহজনে দত্তক প্ৰকাণ্ড এটা চৰহে মাৰিলে।

ইয়াৰ পাছত তেওঁ ভয়ে ভয়ে ঠাই সাৰি থকা মহিলা এগৰাকীক চিঠিখন দেখুৱালে। মহিলা গৰাকীয়ে দত্তক বাঢ়নীৰে ভালে কেইকোবমান দিলে।

কিন্তু কি লিখা আছে তাকতো জানিবই লাগিল! উপাই নাপাই গৰু চৰাবলৈ যোৱা ৰা দুটামানক তেওঁ চিঠিখন দেখুৱালে। ৰা কেইটাই দত্তক এনেকুৱা খেদন লগালে যে তেওঁ দৌৰি দৌৰি পলাই কেতিয়ানো জুৰি এটাৰ পাৰত গছ এডালত আউজি টোপনি গমকে নাপালে।

বহু সময়ৰ পাছত সাৰ পাই দত্তৰ চিঠিখনলৈ মনত পৰিল। তেওঁৰ গাতে চিঠিখন পৰি আছিল। তুলি বলৈ ধৰোতেই বতাহ এজাক আহি সেইখন উৰাই নি জুৰিটোত পেলাই দিলে। জুৰিৰ পানীৰ সোঁত বেছি আছিল। চিঠিখন তৎক্ষণতে বহুদূৰ উটি ল। দত্তই সেইখন ধৰিব নোৱাৰিলে।

দত্তই এতিয়াও সপোনত সেই ছোৱালীজনী দেখে। চিঠিখনত কি যে লিখা আছিল তাকে ভাৱি তেওঁৰ টোপনিও নাহে।



No comments:

Post a Comment