Monday 4 November 2013

কবিতা সম্পৰ্কে অকনমান



"অলপ আগেয়ে কবিতা এটা লিখিছিলো চাই দিয়কচোন!"

এনেধৰণৰ বাৰ্তা মোলৈ বহুতো আহে। কিছুমান ফে'চবুকৰ ভিতৰৰ মানুহৰ পৰা আহে আৰু ফে'চবুকৰ বাহিৰৰ কেতবোৰেও মোক কবিতা চাই দিবলৈ অনুৰোধ কৰে।

কথাহ', মই নিজেই কবিতা লিখিব নোৱাৰো। যি কেইটা কিবা কিবি কবিতাৰ নামত লিখিছো, সেয়া কবিতা হৈছেনে নাই নিজৰে সন্দেহ। গতিকে কবিতা চাই দিয়াটো মোৰ বাবে বাটুলতা। ৱশ্যে কোনো কোনোৱে বানান চাই দিবলৈ কয়, সেইটো সম্পূৰ্ণ বেলেগ কথা।

আনহাতেদি যি কেইটা কবিতা বুলি লিখিছো, সেইকেইটাৰ প্ৰতিটোৱেই লিখোতে মোৰ কেইবাদিনো সময় লৈছিল। ক্ষন্তেকতে কবিতা এটা লিখাৰ সামৰ্থ মোৰ নাই।

যদিও কবিতা অন্তৰৰ আবেগ অনুভুতিৰ মূৰ্ত প্ৰকাশ, তথাপিও কবিতা আচলতে নিৰ্মানহে হয়। এটাৰ পিছত এটা ইটা গাঁঠি ৰাজ মিস্ত্ৰীয়ে যেনেদৰে দেৱাল এখন নিৰ্মান কৰে, কবিতাও ঠিক তেনেকুৱাই। মন কৰিবচোন, দেৱাল খন নিৰ্মান কৰোতে মিস্ত্ৰীজনে কেনেদৰে ইটাবোৰ জোখমতে কাটি-কুটি লয়। ভাল কবিতাও আচলতে তেনেদৰেই নিৰ্মান কৰা হয়। সেয়ে একোটা ভাল কবিতা একোখন পকী দেৱালৰ দৰে শক্তিশালী হয়।

যিসকলে কবিতা নতুনকৈ লিখিবলৈ লৈছে তেওঁলোকক অনুৰোধ কৰো, আপোনালোকে কবিতা পঢ়ক। বিশিষ্ট কবিসকলৰ কবিতা পঢ়িলে তেওঁলোকে কবিতা কেনেদৰে নিৰ্মান কৰে অনুধাৱন কৰিব পাৰিব। লগতে কবিতা সমালোচনাও পঢ়ক। তেহে নিজেও কবিতা নিৰ্মান কৰিব পাৰিবগৈ।

মন কৰিব, ফে'চবুকৰ লাইক-কমেন্টে এটা কবিতাৰ গুণাগুণ নুবুজাবও  পাৰে।

No comments:

Post a Comment