Monday 4 November 2013
ফেচবুক
কলিতা: ফে'চবুক এৰিম বুজিছ। দত্ত: কিয়? ক: বহুত সময় খৰছ হয়। দ: অ'। ক: কৰিব লগা কামবোৰ সময়মতে কৰা নহয়গৈ। দ: অ'। ক: সময়ৰ অপব্যৱহাৰ হয়। দ: অ' বুজিলো। পিছে ফে'চবুক নাথাকোতে তই সকলো কাম সময়মতে কৰিছিলি নেকি? ক: অ'............কথাটো হয় দেখোন!সকলো কামে সময়মতে হৈ উঠা নাছিল। দ: তেতিয়া কিহৰ কাৰণে তোৰ সময়ৰ অপব্যৱহাৰ হৈছিল? ক: চিন্তা কৰিব লগা হ'ল নহয়।তোৰ কি হৈছিল বাৰু? দ: ধেৎ কেনেকৈ কওঁ ইমান সহজে। ক: এটা কাম কৰো আহ। ফে'চবুক নাথাকোতে আমিনো সময়বোৰ কেনেকৈ পাৰ কৰিছিলো ভাৱো আহ। দ: ঠিক আছে তয়ো ভাৱ ময়ো ভাৱো। ................ ................ এটা চিগাৰেট .................. .................. এপেকেট ৰজনীগন্ধা আৰু এপেকেট তুলসী .................. .................. .................. এটা চিগাৰেট .................. .................. এপেকেট ৰজনীগন্ধা আৰু এপেকেট তুলসী .................. .................. .................. এটা চিগাৰেট .................. .................. এপেকেট ৰজনীগন্ধা আৰু এপেকেট তুলসী .................. .................. ..................
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment