Wednesday 26 June 2013

এটা নামবিহীন কবিতা

তৰাফুলা ৰাতিবোৰ আইতাৰ সাধু ' !
কবিতা ' 
আহচোন পিৰালিতে বহো 
কিজানি গজি উঠেই নতুনৰ বেলি !
সীমাৰ পৰিধিত দৃষ্টি, স্থাণুৰ দৰে মই
নৈব নৈব চ!
তাতোকৈ শৃংখল ভঙাৰ
গান গাও আহ।
নদীৰ সোঁতৰো কিছু
স্বধীনতা থাকে।
“লাই হালে জালে…………
লফা হালে জালে………….”
কবিতা ' 
জোৰা নামৰ সুৰ এটা

ভটীয়াই আহিছে অ’!

No comments:

Post a Comment