১৯৮৬ চনৰ কথা। সেই বছৰ জামুগুৰিহাটৰ পৰা “পাঞ্চজন্য
থিয়েটাৰ” নামেৰে এখন ভ্ৰাম্যমান থিয়েটাৰে আত্মপ্ৰকাশ কৰিছিল। থিয়েটাৰখনৰ গুৰি ধৰিছিল একালৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা
শ্ৰীযুত বলদেৱ শইকীয়াদেৱ আৰু বিশিষ্ট অভিনেতা-পৰিচালক শ্ৰীযুত ভবেন
বৰাদেৱে।সেই থিয়েটাৰখনৰ প্ৰথমটো
প্ৰদৰ্শনী জামুগুৰিহাটতে হৈছিল। আমি ছয়মহীয়া পৰীক্ষা চলি থকা বাবে প্ৰথম তিনিদিনৰ
প্ৰদৰ্শন উপভোগ কৰাৰ পৰা বঞ্চিত হৈছিলো। অন্তিম দৰ্শনীৰ দিনা আমাৰ পৰীক্ষা শৈষ
হৈছিল।
দুয়োবেলা
পৰীক্ষা অছিল। পৰীক্ষা দি উঠি ঘৰলৈ গৈ ভাত-পানী খাই ওলাই আহিলো । আমাৰ ঘৰৰ পৰা নাটকৰ স্থানলৈ চাৰি কিলোমিটাৰমান দূৰ হ’ব। খোজকাঢ়ি
সিমানখিনি দূৰ গৈ পাইহে গম পালো যে ইতিমধ্যে টিকত শৈষ হৈছে আৰু “ৰাইজৰ বিপুল
দাবী”ত আয়োজক সকলে ২য় দৰ্শনীৰ ব্যৱস্থা কৰিছে। উপাই নাপাই আমি ২য় দৰ্শনীৰ
বাবে ২ টকা দৰৰ গেলাৰীৰ টিকত কাটিলো।
কিন্তু ২য় দৰ্শনীলৈযে বহুত সময় বাকী! এতিয়া কি কৰা যায়? এজনে সেই সময়খিনি
চিনেমা চাই কটোৱাৰ বুদ্ধি পাঙিলে । আকৌ আমি আধা কিলোমিটাৰ দূৰৰ চিনেমা হলটোলৈ বুলি ৰাওণা হ’লো।
আসন পালোগৈ
পৰ্দাৰ ফালৰ পৰা একেবাৰে প্ৰথম শাৰীত। চিনেমাখন আছিল ধৰম বীৰ জাতীয় কিবা এখন। আৰম্ভনীৰ পৰাই ভয়ানক মাৰপিট। আমাৰ লগত আমাৰ গাৱঁৰ
সৰু ল’ৰা এজনো আছিল। তেওঁৰ আগেয়ে বৰকৈ চিনেমা চোৱাৰ অভিজ্ঞতা নাছিল। পৰ্দাৰ ইমান ওচৰৰ পৰা
মাৰপিট-গুলীয়াগুলীৰ দৃশ্যবোৰ দেখি ভয়ত তেওঁৰ অৱস্থা কাহিল। আমি কোনোমতেহে বুজাই
মেলি ৰাখিছিলো। কিন্তু এবাৰ যেতিয়া পৰ্দাত সাপৰ আবিৰ্ভাৱ হ’ল তেওঁ কান্দিবলৈ
আৰম্ভ কৰিলে। চিনেমা চোৱাৰ আশা বাদ বিসৰ্জন আমি আকৌ থিয়েটাৰ থলীলৈ ঘূৰি গ’লো।
অৱশেষত
থিয়েটাৰৰ প্ৰথম দৰ্শনী শেষ হ’ল। হাতত পাই-পইছাও বিশেষ নাছিল। ভোকো লাগিছিল। কিবা
কৰি চানা টানা খাই গেলাৰীত বহিলোগৈ। প্ৰথমে ‘গীতি-নাছ-নাটিকা’ উপভোগ কৰিলো। তাৰ
পিছত মূল নাটক আৰম্ভ হ’ল। নাটকৰ নাম বেদ উদ্ধাৰ। পৌৰাণীক কাহিনী। অভিনয় বেছ ভাল লাগিছিল। নাটকৰ আমোদজনক দৃশ্য এটা চলি আছিল। ঠিক তেনেতে মোৰ
কাষতে বহা কন্দৰ্পই মোক ভয়ে ভয়ে ক’লে “হে’ৰা চলিছে দেখোন!” তেতিয়াহে মন কৰিলো আমি
বহি থকা গেলাৰীটো বাওঁফালে চলি যোৱাদি গৈছে। মানে গেলাৰীটো হাউলী গৈছে। মই বহি
থকাতে থাকিলো ধমহকৈ ডাঙৰ শব্দ এটা কৰি গেলাৰীটো বাগৰি পৰিল।
চাৰিওফালে
হুলস্থুল লাগিল। নাটক আধাতে বন্ধ হৈ গ’ল। কেইজনমানে সেই “চলি যোৱা যেন”
লাগোতেই ওপৰৰ পৰা জাপ মাৰি দিছিল। ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হ’ল। তেওঁলোকক
হস্পিতাললৈ লৈ যোৱা হ’ল।
ঘৰলৈ ঘূৰি আহিব
ধৰোতেই এটা ঘোষনা শুনিলো যে নাটক আকৌ কিছু সময়ৰ পিছতে আৰম্ভ হ’ব আৰু গেলাৰীৰ দৰ্শক
সকলে আগত যিসমূহ খালী আসন আছে তাত বহি নাটক উপভোগ কৰিব পাৰিব। ঘূৰি আহিলো। এইবাৰ
আগফালৰ আসন কেইখনমান দখল কৰি ল’লো। কিমান সময়ৰ পিছত মনত নাই, সম্ভৱ দুই ঘন্টামান
বহাৰ পিছত আকৌ নাটক আৰম্ভ হ’ল। অৱশেষত নাটক শেষ কৰি যেতিয়া ঘৰলৈ ঘূৰি আহো তেতিয়া
অনেক লোকেই নঙলাৰ মুখত দাঁত মাজি থকা দেখিলো।
পাঞ্চজন্য থিয়েটাৰে এটা বছৰো সম্পূৰ্ণকৈ তেওঁলোকৰ নাটক
প্ৰদৰ্শন কৰিবগৈ নোৱাৰিলে। সেই গেলাৰী ভগাটোৱে তাৰেই আগ জাননী দিছিল।
সিয়েই নহওক কন্দৰ্পই কোৱা “হে’ৰা চলিছে দেখোন!” কথাষাৰ মোৰ প্ৰায়ে মনত পৰে। ভাৱি
ৰোমাঞ্চিত হওঁ, সচৰাচৰ মানুহৰ জীৱনত নঘটা গেলাৰী ভগাৰ দৰে বিৰল ঘটনা এটাৰ মই
সাক্ষী হৈ ৰ’লো।
No comments:
Post a Comment