আহাৰ মাহৰ এটা বৰ্ষণমুখৰ ৰাতি। কবিয়ে সপোন
দেখিছে। শব্দৰ বৰষুণৰ নামিছে। চমকত আহিছে অনুভুতিবোৰ। এই কবিতাৰ গৰ্জনত সাৰ পাব হাজাৰ
সুপ্ত মানৱে।
গৰ্জনৰ শব্দত কবিৰ নিদ্ৰাভংগ। বিজুলি যোগান পুনৰ ব্যাহত।
ছেঃ বিছনীখনবা কেনি গ'ল?
গৰ্জনৰ শব্দ নে গৰমত জানো কবিপত্নীৰো টোপনি ভাগিল।
কবিক
কাণে কাণে ক'লে _
: এটা সপোন দেখিলো জানা!
: কি সপোন?
: আমাৰ ঘৰলৈ এ চি আহিছে!!
কবিয়ে বুজিলে এয়াতো সপোন নহয়! এয়া ভয়াবহ যুদ্ধৰ আগলি বতৰা।
এ চি নহ'লেও নাই, ইনভাৰ্টাৰ এটাৰে হ'লেও সাময়িক যুদ্ধবিৰতি ল'বই লাগিব।
কবিয়ে কবিতা বাদ দি অংক কৰাত লাগিল।
No comments:
Post a Comment