নিশাৰ
চিঠিবোৰ পঢ়াশালিৰ
সাধু হ’ল
লেমৰ পোহৰত
অঁকা আকাশী
সপোনবোৰ
চাকনৈয়াত ডুবিল
।
বাকছৰ তলত এখন ৰুমাল
কাহানিও নোখোলা
ভাঁজে ভাঁজে ফটা ।
ৰুমালৰ বিনিময়ত আঙুলিত আঙুলি লাগিছিল
বুকুৰ পৰা কিবা এটা জোৰেৰে বাহিৰ হৈ গৈছিল
পথাৰখনৰ মাজত ৰৈ চিঞৰিবলৈ মন গৈছিল
সেইৰাতি জোনটোৱে জোনাক নহয়,
ফটিকা ঢালিছিল ।
লিখিবলৈ লওতেই চকুপানী ওলাল
নাই ভয় নাই এয়াতো নহয় উকা কাগজত
নিজৰা কলমেৰে লিখা
চকুলোৱে ধুই নিব !
এয়া কীবৰ্ড আৰু মাউচেৰে ছাইবাৰ পৃথিৱীত লিখা
চকুপানীয়ে তিয়াব নোৱাৰে
চকুপানীৰ দাম নাই
চকু দুটা মছি দিলো ।
(ৰুমালীৰ জীয়ে বোলে প্রবেশিকা পাছ কৰিলে
তাই বা ৰুমাল চিলাব জানে নে নাজানে
অসমীয়াতো লিখিব নোৱাৰেই চাগে’)
No comments:
Post a Comment