Friday 28 June 2013

মাটি



জুৰি বৈ যায়
নদীয়ে মাতে
সাগৰে হাঁহে 

সাগৰ তোৰ বিশালতাত
কিহৰ আহ্বান
আত্মজাহৰ প্রৱণতা আহে 
পানী এচলু মুখত লও
লুনীয়া, বিস্বাদ 
হতাশ হও 

ঘূৰি আহো 
গাওঁখনৰ শীৰ্ণ জুৰিটো,
জীয়াভৰলী
সিহঁত মোৰ আপোন
জীয়াই থকাৰ প্রেৰণা

No comments:

Post a Comment