Friday 28 June 2013

নিনাও



()
খবৰ সুধিছা ?
বছৰবোৰ বাগৰি যায়
ঘটনাক্ৰমে মোৰ বয়স
তৃতীয় দশকতে স্হিৰ হৈ ৰয় !
(
)
প্ৰেমৰ কবিতা ?
তুমি নিদাঘ-কালৰ
বটবৃক্ষৰ ছাঁ
নিৰবতাবোৰো বাঙ্ময় হৈ উঠে !
(
)
হয়নে দেবু ?
ৰাজমিস্ত্ৰিয়েহে জানে
কোনখন দেৱালত কোনচপৰা ইটা
কোন পদ্ধতিৰে গাঁঠে !

No comments:

Post a Comment