বাতৰি কাকতখন হাতত লৈ
ৰাতিপুৱাৰ ৰঙা চাহকাপ খোৱাৰ মজাই বেলেগ। সেইদিনা পুৱাও চাহকাপৰ লগত প্ৰিয়
বেকাৰীখনৰ বিস্কুট একোখনৰ সৈতে শ্ৰীমতী আৰু মই বহিছো। শ্ৰীমতীয়ে দেখোন মুখৰ পৰা
আধা চোবোৱা বিস্কুট খিনি উলিয়াই দিলে। “আৰে এইটো কি? শিলৰ টুকুৰা দেখোন!” শ্ৰীমতীয়ে পৰম বিস্ময়েৰে প্ৰায় চিঞৰি উঠিল। মই চাই দেখিলো বস্তুটো দেখোন কিবা
বাকলী গুছোৱা বাদামৰ দৰে।মই শ্ৰীমতীক বস্তুটো বাদাম বুলি ক’লো। কিন্তু তেওঁ
নামানিলে “নাই নাই এইটো বাদাম নহয়। আৰে এইটো দাঁতৰ টুকুৰা দেখোন!” হয়ো হয়, তেতিয়াহে মই মন কৰিলো যে বস্তুটো কি মোৰ অলপ সন্দেহ থাকিল যদিও টান বস্তুটো
কিন্তু দাঁতৰ টুকুৰাৰ দৰেই। ৰাতিপুৱাই খোৱা বিস্কুটখনত দাঁতৰ টুকুৰা পাই
শ্ৰীমতীৰ ওকালি আহিবলৈ ধৰিলে। দুবাৰমান বমি কৰিহে তেওঁ ৰক্ষা পালে।
কথাটো ক’ৰ পৰানো কি হ’ল ততেই ধৰিব নোৱাৰিলো।
বিগত দহটামান বছৰে সেইখন বেকাৰীৰ বিস্কুটেই খাই আছো। খুবেই সোৱাদযুক্ত। কোনোদিন
বিস্কুটত আন একো অপদ্ৰব্য বিনামূলীয়াকৈ লাভ কৰা নাই। তথাপিও হস্তীৰো পিছলে পাও
বুলি ভাবিলো। লগতে ভাবিলো বেকাৰীখনক সেকা এটা দিব লাগিব। আজি যদি চোবাওতে দাঁতৰ
টুকুৰাটো লাগি শ্ৰীমতীৰ দাঁত এটা ভাগি থাকিলহেতেন, তেতিয়া তেওলোকে কিবা
ক্ষতিপূৰণ দিলে হেতেন নে? মোক সিহঁতে কি বুলি ভাবিছে? এবাৰ এটা কচায়ে মোক অৰিজিনেল পঠাৰ মাংস বুলি ডুপ্লিকেট দি ঠগিছিল। ময়োতো কম
নহয়! কুকাৰে দহটা সুহুৰি বজোৱাৰ পিছতো যেতিয়া
মাংস নিসিজিল মই সেই মাংস বান্ধি লৈ কচাইৰ দোকানত দলিয়াই আহিলোগৈ নহয়! সি মোক
পঠাৰ মাংসৰ দুগুণ পইচা ঘূৰাই দিলে। সেয়ে সকলো ভাৱি-গুণি অফিচলৈ যাওঁতে বিস্কুটৰ লগত দাঁতৰ টুকুৰাটো বান্ধি ওলাই গ’লো। শ্ৰীমতীকো বোলো “আজিৰে পৰা বিস্কুট খোৱা বন্ধ। ঘৰতে কিবা পিঠা-পনা বনাবা তাকে খাম। বিস্কুট আৰু নিকিনো।“
বেকাৰীখনত যেতিয়া মই দাঁতৰ টুকুৰা সহিতে
বিস্কুটখিনি দেখুৱালো বেকাৰীৰ মেনেজাৰৰ মুখ শুকাই টেমী যেন হ’ল। “দাদা, এয়াতো আমাৰ দোকানৰেই
বিস্কুট হয়। কিন্তু আমিতো খুব চাফ চিকুনকৈ কাম কৰোঁ। দাঁতৰ টুকুৰা বিস্কুটত থকাৰ
প্ৰশ্নই নাহে। কিন্তু আপুনিওতো আমাৰ পুৰণা কাষ্টমাৰ। আজিলৈকে আপুনিতো আমাক একো
কম্প্লেইন কৰা নাই। নাই নাই, কিবা এটাতো জৰুৰ হৈছে। দাদা আপুনি বেয়া নাপাই যদি অলপ বহক, মই মালিকৰ লগত কথা
পাতো।“ বেকাৰীৰ মেনেজাৰে
সবিনয়ে ক’লে। মই দেখিলো ইমান
বিনয় দেখুৱাইছে যেতিয়া গৰমা-গৰমী নকাৰাই ভাল। চোৱা
যাওক কি হয়। ইতিমধ্যে তেওঁলোকে মোক খাবলৈ দিয়া ঠাণ্ডাটো মই খবলৈ ল’লো।
অলপ পিছত মেনেজাৰেজনে মোক অলপ ভিতৰলৈ মাতি
নিলে। পাঁচশ টকীয়া এখন হাতত ধৰাই দি ক’লে “দাদা আপোনাক কিনো ক’ম? তথাপি এয়া আপোনাক
আমি ক্ষতিপূৰণ দিলো। ঘটনাটো আপুনি কাকো নকয় যেন।“ ময়ো ক’লো যে মই কাকো নকও, মাত্ৰ তেওঁলোকে যাতে
কামবোৰ আৰু চাফা চিকুনকৈ কৰে।
মাহৰ শেষ, ইফালে দৰমহাও হোৱা
নাই। এনে সময়ত টকা পাঁচশ পাই বেছ ৰঞ্জিত ৰঞ্জিত লাগিল। অফিচৰ পৰা ঘৰলৈ উভতি যাওঁতে
মাছ-পুঠি দুটামানো কিনি লৈ গ’লো। ঘৰ পাই দেখিছো শ্ৰীমতীয়ে দেখোন কিবা বেলেগ ধৰণৰ হাঁহি এটা মাৰিছে। কথাটোনো
কি উমান ল’বলৈ চেষ্টাই কৰিব লগা নহ’ল, তেওঁ আৰম্ভ কৰিলেই “তুমি অথনি বস্তুটো
দাঁত নহয় বুলি ভাবিছিলা নহয়, সেইটো কিন্তু দাঁতেই ।“ মই বোলো “তুমিনো কেনেকৈ জানিলা?” তেওঁ ক’লে “আবেলি ঠাণ্ডা পানী
এগিলাছ খাইছিলো। তেতিয়া দেখোন গুৰিৰ দাঁত এটা সিৰসিৰালে। আয়না খনত চালো কিনো হ’ল। তেতিয়াহে মন
কৰিলো মোৰ গুৰিৰ দাঁত এটাৰ ফিল-আপ টো এৰাই আছে।
মানে অথনি বিস্কুটৰ লগত ওলোৱা দাঁতৰ টুকুৰাটো মোৰেই দাঁতৰ ফিল-আপৰ টুকুৰা এটা
আছিল।“
মই বোলো হায় হায়! ইমানদিনে ইমান ভাল সম্পৰ্ক থকা দোকান এখনক মই মিছাই বদনাম কৰিলো। যি হ’ল হ’ল, কালিলৈ ক্ষমা খুজি
টকা পাঁচশ ঘূৰাই দিব লাগিব। তাৰ পিছত চাহ-তাহ খাইহে মগজটো খোল খালে। কেইদিনমানৰ পিছতে বিহু। ঘৰলৈ যাবই লাগিব। ফিল আপ
এৰোৱা দাঁতটোৰে শ্ৰীমতীক ঘৰলৈ লৈ গ’লে দাঁতে কি বিহু দেখুৱাই ঠিক নাই। সাতে পাঁচে ভাবি পালো হাতত বেকাৰীৰ
মেনেজাৰে দিয়া টকা পাঁচশ আছেই। শ্ৰীমতীক ক’লো, হেৰা ওলোৱা, দাঁতৰ ডক্তৰৰ ওচৰৰ
পৰা আহো। পাৰিলে একেবাৰে ফিল আপটো কৰিয়েই পেলাওঁ!
No comments:
Post a Comment