Wednesday 26 June 2013

অকণিহঁতৰ বাবে লিখা গীত এটা


অকণি আমি নতুন দিনৰ
ন সূৰুজৰ নতুন পোহৰ
সাত ৰঙেৰে আইৰ আকাশ সজাম
উজলাম হাঁহিটি আইৰ মুখৰ

বাৰিষা আহিলে বৰ পথাৰত
ৰুই যাম সু‌ৱাগমণি
আঘোণ দিনতে ডাঙৰী বান্ধিম
সোনো‌ৱালী লখিমী ধাননী
জ্ঞানৰ পথাৰতো সঁইচ গজাম
গাই গীত নতুন দিনৰ
উজলাম হাঁহিটি আইৰ মুখৰ

( বহুদিনৰ আগতেই লিখা হৈছিল আৰু শেহৰ স্ত‌ৱকটো পাহৰিলো। লিখি নথ'লে এনেই হয়।)

No comments:

Post a Comment