Wednesday 26 June 2013

প্ৰদূষণ (আধা মিনিটৰ গল্প)

এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা জিলা পুথিভঁড়ালত “পৰিবেশ প্ৰদূষণ আৰু বৃক্ষৰোপন” শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰা হৈছেআলোচনা চক্ৰখনত  বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক আৰু কেইজনমান চৰকাৰী কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিছে। সমল ব্যক্তি দুজনৰ এজন হ’ল প্ৰদূষণ নিয়ন্ত্ৰন বিভাগৰ শীৰ্ষ বিষয়া আৰু আনজন স্থানীয় মহাবিদ্যালয়ৰ প্ৰবক্তা।

পু‌ৱা দহ বজাত  কৰিব লগা আছিল যদিও,  আলোচনা চক্ৰখন এঘাৰ বজাত উদ্বোধন কৰিলে স্থানীয় বিধায়ক মহোদয়ে। তাৰ পিছত বিধায়ক ডাঙৰীয়া প্ৰমূখ্যে আন নিমন্ত্ৰিত অতিথি সকলে ভাষণ প্ৰদান কৰিলে। দুপৰীয়া বাৰ বজাত প্ৰথমজন সমল ব্যক্তিয়ে “পৰিবেশ প্ৰদূষণ আৰু তাৰ প্ৰতিকাৰ” বিষয়ক তেওঁৰ বহুমূলীয়া এক ঘন্টাজোৰা প্ৰেজেন্টেশ্বন আগ বঢ়ালে।

এক বজাৰ পৰা দুপৰীয়াৰ আহাৰৰ সময়। মাছ, মাংস আৰু পনীৰৰে উৎকৃষ্ট আহাৰ পৰিবেশন কৰা হ’ল।
 ‌
দিনৰ দুই বজাৰ পৰা দ্বিতীয়জন সমল ব্যক্তিয়ে “পৰিবেশ সুৰক্ষাত বৃক্ষৰোপনৰ আ‌ৱশ্যকতা” শীৰ্ষক প্ৰেজেন্টেশ্বন প্ৰদান কৰিলে। বিয়লি তিনি বজাত ছুটি চিনেমা প্ৰদৰ্শন কৰা হ’ল।


চাহ-তাহ খাই লৈ বিয়লি চাৰি বজাত আৰম্ভ হ’ল প্ৰশ্নোত্তৰ পৰ্ব। সভাপতিৰ আসনৰ পৰা বাৰে বাৰে প্ৰশ্ন বিচৰা হ’ল যাতে সমল ব্যক্তি সকলে সকলোৰে খুদু‌ৱনী মাৰিব পাৰে। অ‌ৱশেষত স্থানীয় স্কুলখনৰ ছাত্ৰ এজনে একমাত্ৰ প্ৰশ্নটো উথ্থাপন কৰিলে। প্ৰশ্নটো হ’ল “আমাৰ চৌপাশৰ পৰিবেশ সুস্থ ৰাখিবৰ বাবে আমি কি কৰা উচিৎ?”

No comments:

Post a Comment