দত্তৰ হঠাতে সংগীতজ্ঞ হ’বলৈ মন গ’ল। চেক্সোফোন এটা মগাই আনিলে টকা এগাল ভৰি। আনন্দতে বজাবলৈ ধৰিলে। পিছে কি বিপদ, খালি ‘পঁ’ কৰি শব্দ এটা হয়। তাৰ বাহিৰে একো সুৰ উলিয়াব নোৱাৰি। দত্তৰ লগৰ দুজনমানেও চেষ্টা কৰি চালে। পিছে কথা একেই। খালি ‘পঁ’ ‘পঁ’ কৰি থাকে। সুৰ হ’লে নোলায়। কেইদিনমান অমাতৰ মাত উলিয়াবলৈ চেষ্টা কৰি দত্ত ভাগৰি গ’ল। দিঙিৰ বিষো হ’ল। এতিয়া তেওঁ সেইটো বাৰীত পুতি থৈছে। কিজানি কোনোবাদিনা তাৰ পৰা পুলি গজে। হয়তো পুলিৰপৰা সুৰ ওলাবও পাৰে।
No comments:
Post a Comment