ডায়েল কিয়া গেয়া নাম্বাৰ অভি ব্যস্ত হে, কৃপয়া………………
যোৱা কিছুদিনৰ পৰা মৃণাল শইকীয়াই লক্ষ্য কৰিছে যে তেওঁ
যেতিয়াই একমাত্ৰ পুত্ৰ গৌৰৱলৈ ফোন কৰে তেতিয়াই সেই ধাতৱ শব্দকেইটা বাজি উঠে।
তেওঁ এইটোও জানে যে ক্ষন্তেক পিছতে গৌৰৱে তেওঁলৈ ফোন কৰিব আৰু ক’ব মই ক্লায়েন্ট
এজনৰ লগত কথা পাতি আছিলো। পিছে সদায়ে ৰাতি আঠ-ন বজাত এনেদৰে ডেকা ল’ৰা এটানো কাৰ
সৈতে ফোনত ব্যস্ত থাকিব পাৰে শইকীয়াই বুজে। শইকীয়াই ভাৱিলে, কিছুদিন পিছতে পুত্ৰ
ঘৰলৈ আহিব আৰু একমাত্ৰ জী মাক হোৱা বাবে সহায় কৰিবলৈ যোৱা পত্নীও ঘৰলৈ উভতিব।
তেতিয়াই তাৰ এই ব্যস্ততাৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব।
ক্ষন্তেক পিছতেই চিৰাচৰিত ভাৱে পুত্ৰৰ ফোন আহিল। ফোনটো
কানত লৈ শইকীয়া ঘৰৰ চাদলৈ উঠি গ’ল। পূৰ্ণিমাৰ ৰাতিটোৱে তেওঁক হেৰোৱা দিনবোৰলৈ লৈ
গ’ল-
সেই সময়ত শইকীয়া চাকৰি সূত্ৰে গুৱাহাটীত আৰু বাৰ্তমান
তেওঁৰ পত্নী সেই সময়ৰ প্ৰেমিকা কণিকা ডিব্ৰুগড়ত। যোগাযোগৰ মাধ্যম আছিল বহু দিনৰ
মূৰত গৈ পোৱা একোখন চিঠি। কথা পতাৰ কোনো উপায় নাছিল। শইকীয়া আৰু কণিকা দুয়োজনে
জোন আৰু জোনাক ভাল পাইছিল। তেওঁলোকে ৰাতি
জোনটোলৈ চাই চাই ক’ম বুলি ভৱা কথাবোৰ কৈ গৈছিল। এজনে গুৱাহাটী আৰু আনজনে
ডিব্ৰুগড়ৰ পৰা। দুয়ো কল্পনা কৰিছিল জোনটোৱে
তেওঁলোকৰ কথাবোৰ আনজনৰ কাষলৈ লৈ যাব। লগৰ সকলোৱে এই প্ৰেমক “জোনাকী-প্ৰেম”
বুলিছিল।
আজি শইকীয়াৰ আকৌ জোনৰ জৰিয়তে কথা পাতিবলৈ মন গ’ল।
মোবাইলটো উলিয়াই কণিকাৰ নম্বৰটো ডায়েল কৰিবলৈ লৈ আকৌ ফোনটো থৈ দিলে। নাই, এতিয়া
মোবাইলৰ যুগ। এই সময়ত জোনাকী-প্ৰেম কৰিবলৈ গৈ কণিকাৰ মূৰটো গৰম কৰি নোলোৱাই সঠিক
হ’ব।
No comments:
Post a Comment