সপোন দিঠকৰ এক চয়াময়া মূহুৰ্তত সি তাইক দেখিলে। তাই ক’লে – “তুমি ভয় খাব নালাগে। মই একো নকৰো। তোমাৰ বাৰু আমাৰ সেই নিবিড় প্রেমৰ দিনবোৰ মনত নপৰেনে? তেতিয়াযে কেৱল আমি আছিলো, আৰু কোনো নাছিল। তুমি মোৰ বাবে কবিতা লিখিছিলা আৰু মই পঢ়ি কান্দিছিলো। আমাৰ বিয়াখনোতো খুব ভাল লগাই আছিল। তাৰ পিছতহে জানো কি হ’ল? তোমাক টকা লগা হ’ল। মোৰ অকালমৃত্যুত তুমি আগভাগ ল’লা। যি হ’ল হ’ল। মই সেইবিলাক একো ধৰি থকা নাই। তোমাক মই এতিয়াও সেই আগৰ দৰেই ভাল পাও। আহা, আমি আকৌ লগ হও। এইবাৰ আমাক আৰু কোনেও আতৰ কৰিব নোৱাৰে।“
পিছদিনা তাৰ মৃতদেহ চিলিং ফেনত ওলমি থকা দেখা গ’ল।
No comments:
Post a Comment