Friday, 28 June 2013

সন্ধানহীন(আধামিনিটৰ গল্প)



একমাত্র জীয়েকৰ বিয়াৰ দুদিন আগতে বেংকৰ পৰা টকা উলিয়াবলৈ গৈ মুমুন্দ শৰ্মা সন্ধানহীন ল। চাৰিজন জ্যোতিষীয়ে চাৰিটা দিশত যোৱা বুলি লে। পুলিচে একো উৱাদিহ নাপালে। পৰিয়ালৰ মানুহ হতবাক ল। জোৰোণৰ দিনা দৰাঘৰৰ মানুহে কইনাক একেবাৰে লৈ গুছি ল। বিয়াৰ দিনা তেওঁ ঘৰ ওলালহি। লে, টকাৰ সৈতে কোনোবাই ধৰি লৈ বেংকৰ পৰা। পিছত টকা খিনি ৰাখি অচিন জেগাত এৰি দিলে। হাতত থকা ১০০ টকাৰে কোনোমেতে ঘৰ ওলাইছেহি। দাৰোগা কলিতাইহে ঘটনাৰ ৰহস্য অলপ বুজিলে। তেওঁ মন কৰিছিল বিয়াৰ দুদিন আগলৈকে বিয়াঘৰত কোনো বিশেষ বজাৰ সমাৰ নাই। বোধহয় শৰ্মা ডাঙৰীয়াই জীয়েকৰ বিয়াৰ বাবে টকা জোগাৰ কৰিব নোৱাৰিলে। সেয়ে নিজেই সন্ধানহীন ল। কলিতাই পিছে একো মাত নামাতিলে। ভাবিলে, যি ভালেই ল।

No comments:

Post a Comment