আমি
হেনো শোষিত
আমি
হেনো নিষ্পেষিত
আমি
বঞ্চনাৰ কাহিনীৰ মায়াজাল গোঁঠো!
আমি
নিজক কিমান চিনো?
আমাক
কোনে ঠগে?
আমি
নিজেই নিজক ঠগো।
আমাক
কোনে হাঁহে?
আমি
স্বজ্ঞানে হাঁহিয়াতৰ পাত্ৰত পৰিণত হৈছো।
আজোককাৰ
দিনৰে এহালিচা সোণসেৰীয়া মাটি
তাতে
বহিৰাগত বণিয়াক বৰপীৰা পাৰি দিছো
ভাতৃৰ
কেঁচা তেজ আৰু ভগ্নীৰ সতীত্বৰ বিনিময়ত
বিদেশত
পাৰসজা কিনিছো।
সন্দেহজনক
নাগৰিকত্বতৰ বাবে
আমি
যাক ঘৃণা কৰো
তেওঁৰ
অবিহনে আমাৰ যত্ৰাপথৰ মসৃনতা নাহে
আমাৰ
স্বপ্নৰ কাৰেঙো
তেওঁৰ
হাতৰ পৰশতে উজলে
আমি জানিও
নাজানো
কাৰ
ঘামেৰে লুণীয়া আমাৰ ভোকৰ ভাতসাজ!
আৰু
আমাৰ শ্ৰমিক-কৃষক নিদ্ৰাৰত
দুটকীয়া
চাউলৰ ৰাগিত।
আমাৰ
সংগ্ৰামৰ শেষ লক্ষ্য
গাওঁ
পঞ্চায়তৰ সভাপতি
স্বাধীনতাকামীৰ
নিৰ্বানপ্ৰাপ্তি ঘটে
সুৰাৰ
বিপণীৰ অনুজ্ঞাপত্ৰত।
“তুমি
বিশ্বৰ শৰীৰত পংগু অংগ হ’লে
বিশ্বই
জানো ভাল পাব?”
আমি
ক্ৰমে বিশ্বৰ শৰীৰৰ পংগু অংগলৈ
পৰ্য্যবসিত
হ’ব ধৰিছো!
No comments:
Post a Comment