ফাগুনৰ এদিন
পচোৱা এজাকে ৰং সানিছিল
হঠাতে খহিছিল
এটা তামোলৰ ঢকুৱা
উচপ খাই উঠিছিল
দুপাহ ৰক্তজবা
আহ: কি তীব্ৰ সেই ৰাগি
ফুলমণিৰ
নিপুণ হাতৰ এবটল ফটিকাই
হাৰ মানিছিল
হেমন্তৰ এক বিষন্ন দুপৰীয়া
ঢকুৱাৰ অৱশিষ্ট সন্ধানহীন হ'ল
এতিয়া সেই ঠাইত
এজোপা গধুলি-গোপাল গজিছে
পচোৱা এজাকে ৰং সানিছিল
হঠাতে খহিছিল
এটা তামোলৰ ঢকুৱা
উচপ খাই উঠিছিল
দুপাহ ৰক্তজবা
আহ: কি তীব্ৰ সেই ৰাগি
ফুলমণিৰ
নিপুণ হাতৰ এবটল ফটিকাই
হাৰ মানিছিল
হেমন্তৰ এক বিষন্ন দুপৰীয়া
ঢকুৱাৰ অৱশিষ্ট সন্ধানহীন হ'ল
এতিয়া সেই ঠাইত
এজোপা গধুলি-গোপাল গজিছে
No comments:
Post a Comment