Wednesday 26 June 2013

যাত্ৰাৰ কথা

যাত্ৰা মোৰ প্ৰিয়। আৰু প্ৰায়েই যাত্ৰাবোৰ কিবাকিবি কাৰণত মনত থকা হৈ পৰে। যেনে ধৰক বাছত গৈ চকা নুফুটাকৈ গন্তব্যস্থল মই খুব কমেইহে পাইছো। আনকি ৰাতিৰ বাছত টৰ্চ লাইট মাৰি বাট দেখু‌ৱাব লগা অ‌ৱস্থাও মোৰ হৈছে। পিছে আজি বাছৰ নহয়, দুটা ৰেল যাত্ৰাৰ  কথাহে ক’ব খুজিছো।

সম্ভ‌ৱ ২০০০ চনৰ কথা হ’ব। দিল্লীৰ পৰা গু‌ৱাহাটী অভিমূখে নৰ্থ ইষ্ট এক্সপ্ৰেচত উঠিছো। শ্লীপাৰৰ টিকতৰাতি ৯-১০ মান বজাত ৰেলখন এৰাৰ কথা। মই  ভাত-পানী খাই আৰামত  ৰেলত উঠি দেখিলো যে মোৰ বাৰ্থত(ওপৰৰ বাৰ্থ আছিল) এজন মানুহ শুই আছে। মই মানুহজনক ক’লো যে সেইটো মোৰ বাৰ্থ, গতিকে তেখেত নামি আহি নিজৰ বাৰ্থত শুলে ভাল হয়। মানুহজনে মোক একপ্ৰকাৰ আচৰিত কৰি ক’লে যে সেইটো মোৰ বাৰ্থ হ’বই নো‌ৱাৰে। সেইটো তেওঁৰহে বাৰ্থ। মই তেওঁৰ টিকতটো চাব বিচাৰোতে তেওঁ ওলোটাই মোক সুধিলে যে মই কিবা টিটি নেকি যে তেওঁ মোক টিকত দেখু‌ৱাব?

বাছত কেতিয়াবা ভুলতে এখন আসনৰ বাবে দুটা টিকত ওলো‌ৱা ঘটনা ঘটে। ধৰক এনে হ’ল যে একেখন বাছৰে দুটা টিকত কাউন্টাৰ আছে।  তেতিয়া দুয়োটা কাউন্টাৰৰ মাজত যোগাযোগৰ অভা‌ৱৰ বাবে একেখন আসনৰ  দুটা টিকত ওলো‌ৱাৰ দৰে ঘটনা ঘটা মই দেখিছো(মোৰ ক্ষেত্ৰত তেনে হো‌ৱা নাই দেই!)। কিন্তু ৰেলত একেটা বাৰ্থৰ বাবে দুটা টিকত! আচৰিত কথা।

আকোৰগোজ মানুহজনৰ লগত তৰ্ক কৰাতকৈ মই নামি গৈ টিটি এজনক লগ ধৰি ঘটনাটো ক’লো। অ‌ৱশেষত টিটি জনে যেতিয়া উক্ত মানুহজনৰ টিকতটো চালে তেতিয়াহে উৰহী গছৰ ওৰ ওলাল। মানুহজনে আগদিনাৰ টিকতত ৰেলত উঠিছিল। ডবা নম্বৰ আৰু আসন নম্বৰ একেই আছিল। বেছেৰা মানুহজনে তাৰিখৰ ভুল কৰি উঠিবলগা দিনৰ পিছদিনাহে ৰেলত উঠিল। তেওঁক  টিটি জনে নমাই লৈ গুছি গ’লপিছত গম পালো মানুহজনক জেনেৰেল ডবাত উঠাই দিয়া হ’ল।

দ্বিতীয় ঘটনাটো চেন্নাইৰ পৰা গু‌ৱাহাটীলৈ আহোতে ঘটিছিল। সেইদিনা ‌ৱাই পি আৰ-গু‌ৱাহাটী এক্সপ্ৰেচৰ টু টায়াৰ এ চিৰ টিকত আছিল। ৰেলখন পাঁচ ঘন্টা পলমকৈ চেন্নাই চেন্ট্ৰেল ষ্টেচনত সোমাল। লগত মোৰ পত্নী আৰু অসুখীয়া মা। হুইল চেয়াৰ এখনত মাক লৈ যেতিয়া আমাৰ নিৰ্ধাৰিত টু টায়াৰ এ চিৰ ডবাটো বিছাৰিলো তেতিয়াহে মহা পয়মাল লাগিল। গোটেই ৰেলখন বিছাৰিও টু টায়াৰ এ চিৰ ডবা বিছাৰি নাপালো। অ‌ৱশেষত থ্ৰী টায়াৰ এ চিৰ ডবা এটাৰ এটেন্ডেন্ট এজনক সুধিলো যে টু টায়াৰ এ চিৰ ডবা কোনফালে আছে। তেতিয়া এটেন্ডেন্ট জনে ক’লে “কিয় আপোনালোকে অথনিৰে পৰা ঘোষণা কৰি আছে শুনা নাই নেকি?” মই বোলো কিনো ঘোষণা কৰি আছে? তেওঁ ক’লে যে সেই ৰেলখনত কিবা খেলিমেলিৰ বাবে টু ঠায়াৰৰ ডবা লগাব পৰা নগ’ল। টু ঠায়াৰত টিকত কটা মানুহখিনিৰ বাবে এটা থ্ৰী টায়াৰৰ ডবা সংলগ্ন কৰি দিয়া হৈছে আৰু মই খবৰ কৰা ডবাটো‌ৱেই সেইটো। উহ তেতিয়াহে ৰক্ষা!


অসুখীয়া মাক আৰামত টু টায়াৰত অনাটো মোৰ বাবে হৈ নুঠিল। টু টায়াৰৰ টিকত কাটি থ্ৰী টায়াৰৰ ডবাতে মাৰ জী‌ৱনৰ শেষ ৰেল যাত্ৰাটো কৰিব লগা হ’ল!

No comments:

Post a Comment