কবিতা আৰু গদ্য
দুয়ো গুৱাহাটীত থাকে। কবিতাই এখন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্টানত কাৰিকৰি পাঠ্যক্ৰম
কৰি আছে। গদ্য আকৌ এটা কোম্পানীৰ চাকৰিয়াল। ঘটনাক্ৰমে দুয়োৰে চিনাকি হ’ল আৰু
মোবাইল নম্বৰৰ আদান প্ৰদান হ’ল। এদিন ৰাতি কবিতাই গদ্যলৈ মিছড কল দিলে আৰু গদ্যই
কবিতালৈ ফোন কৰিলে। এনেদৰেই দুয়োৰে কথা বতৰা আৰম্ভ হ’ল। এদিন ৰাতি দেৰ বজাৰ কবিতাই
মিছড কল দিলে। গদ্য সেইৰাতি কিছু গোলাপী হৈ আছিল। সেয়ে মিছড কলৰ উত্তৰত তিনিটা
শব্দৰ সেই ধুনীয়া বাক্যটো মুখৰ পৰা ওলাই গ’ল। এনেদেৰেই কবিতা আৰু গদ্যৰ প্ৰেম
আৰম্ভ হ’ল।
কিছুদিন পিছত
কবিতাই গদ্যৰ পৰা এটা নতুন মোবাইল সংযোগ বিছাৰিলে। তেওঁৰ হাতত থকা মোবাইল নম্বৰটো
বহুতৰ হাতত পৰিছে আৰু সেয়ে নম্বৰটো সলনি কৰাৰ মন কৰিছে বোলে। গদ্যয়ো কথাটো বেয়া
নাপালে। তেওঁ নিজৰটোৰ পৰা ফ্ৰী কৰি ল’ব পৰা এটা নতুন মোবাইল সংযোগ নিজৰ নামতে
কবিতাক যোগাৰ কৰি দিলে।
গদ্য চাকৰিৰ
তাগিদাত পোন্ধৰ দিনৰ বাবে মুম্বাইলৈ যাব লগা হ’ল। প্ৰথমে তিনি চাৰিদিনমান তেওঁ
কবিতালৈ ফোন কৰিলেই ফোন উঠায়। কিন্তু লাহে লাহে তেওঁ মন কৰিলে যে কবিতাৰ ফোনটো যেন
জোখতকৈ বেছি ব্যস্ত হ’বলৈ লৈছে। আৰু গদ্য যিদিনা ঘূৰি আহি গুৱাহাটী পালেহি
সেইদিনা হাজাৰবাৰ ফোন কৰাৰ পিছতো কবিতাই ফোনটো নুঠালে। ইতিমধ্যে গদ্যই খবৰ পাইছিল
যে কবিতাৰ বায়েকৰ কিবা দূৰ্ঘটনা হৈছে আৰু গুৱাহাটীলৈ আনিব লগা হ’ব পাৰে। তেওঁ
কবিতাৰ বায়েকক গুৱাহাটীলৈ আনিছে আৰু সেইবাবেই কবিতাৰ ফোনটো ইমান ব্যস্ত হৈ থাকিব
পাৰে বুলি ভাৱি গুৱাহাটীৰ আটাইকেইখন আগশাৰীৰ হস্পিতালতে কবিতাক বিছাৰিলে। নাই
ক’তো তেওঁক নাপালে। ইফালে কবিতাৰ ফোনটো ৰিং হ’লেও তেওঁ ফোনটো নদঙা হ’ল।
অৱশেষত গদ্য
এদিন সন্ধ্যা কবিতাৰ হোষ্টেলৰ সমুখত ৰৈ থাকিল। তেওঁ আশা কৰাৰ দৰেই কবিতা লগৰ
দুজনীমান ছোৱালীৰ লগত ওলাই আহিল। কোনো কথাৰ পাতনি নেমেলাকৈ গদ্যই কবিতাক তেওঁ
দিয়া চিমখন বিছাৰিলে। অলপ ঠেৰোগেৰো কৰি কবিতাই চিমখন মোবাইলৰ পৰা খুলি দিলে। গদ্যই
চিমখন লগে লগে মেনহ’লৰ ভিতৰত পেলাই দিলে।
সেইদিনা ৰাতি
গদ্যই হিচাপ কৰি কৰি পালে যে কবিতাৰ লগত তেওঁ ৰেষ্টুৰেন্টত খাওঁতেই দুমাহত কমেও
তিনি হাজাৰ টকাৰ বিল দিলে। তেওঁ সেইদিনা বহুদিনৰ পিছত ভনীয়েকৰ লগত বহু সময় কথা
পাতিলে। মুম্বাইৰ পৰা কবিতালৈ অনা চুৰিদাৰৰ কাপোৰজোৰো ভনীয়েককে দিবলৈ ঠিৰাং কৰিলে।
কবিতা আৰু
গদ্যৰ প্ৰেম কাহিনী ইমানতে সমাপ্ত হ’ল।
No comments:
Post a Comment