Friday 28 June 2013

উত্তৰ আধুনিক(আধামিনিটৰ গল্প)


তাইক মা-দেউতা বুলি মাতিবলৈ শিকোৱা হৈছিল। তেনেকৈয়ে মাতিছিল। কিন্তু যোৱা কেইদিনমানৰ পৰা তাই দেউতাকক পাপা বুলি মাতিবলৈ লৈছে। তাইক দেউতা বুলি মাতিবলৈ লে কয় এয়া পাপাহে, দেউতা নহয়। এতিয়া মাক দেউতাকৰ চিন্তা হৈছে, আঢ়ৈটা বছৰতে দেউতাকক দেউতা বুলিবলৈ টান পোৱা ছোৱালীজনীয়ে দাঙৰ হৈ অতি মৰমত দিয়া বকুল নামটোও যদি বেয়া পায় !

No comments:

Post a Comment