Friday 28 June 2013

ৰহঘৰা (সংকল্প)



দত্তই গাঠিৰ ধন ভাঙি কিতাপ কিনে। বন্ধুবোৰে পঢ়িবলৈ নিয়ে, কিন্তু ঘূৰাই নিদিয়ে। তেওঁ কেতিয়াবা কিতাপ কোনে নিছে লিখি থয়, কিন্তু পিছত লিখিনো লে তাকো পাহৰি যায়।এনেও হৈছে যে একোখন প্রিয় কিতাপ দত্তই দুই তিনিবাৰ কিনিব লগা হৈছে। এতিয়া কিতাপৰ দামো বাঢ়িছে। সেয়ে নতুন বছৰত দত্তই চাৰিটা সংকল্প লৈছে। সেইকেইটা  
) আৰু কিতাপ নিকিনো।
) থকা কিতাপবোৰ আৰু কাকো পঢ়িবলৈ নিদিও।
) পঢ়িবলৈ মন গলে ধাৰে আনি পঢ়িম।
) আনৰ পৰা ধাৰে অনা কিতাপ কেতিয়াও ঘূৰাই নিদিও।

No comments:

Post a Comment