যোৱা কালি তৰাক প্ৰতিমা বিষৰ্জন দেখুৱালো। তাই খুব দুখ পালে যে ইমান ধুনীয়া দূৰ্গা গোসানীক নদীত উটোৱাই দিছে! মই তাইক ক'লো যে পূজা শেষ হ'ল আৰু দূৰ্গা দেৱীও নদীত উটি গ'লগৈ। অহা বছৰ আকৌ পূজা হ'ব আৰু দূৰ্গা দেৱীও আহিব।
তিনিদিনকৈ মহা আয়োজনৰে উদ্জাপন কৰা পূজাখনৰ মূল মূল বস্তু প্ৰতিমাখন নদীত উটোৱাই দিয়াৰ চলেৰে বাৰু আমাক জীৱনৰ ক্ষণভংগুৰতা আৰু আনন্দবোৰ যে ক্ষন্তেকীয়া সেই শিক্ষা দিয়া হয় নেকি?
কালি বোধহয় মই নজকনাকৈয়ে তৰাক এটা ডাঙৰ কথা শিকালো। অৱশ্যে সেয়া তাই কিমান ঢুকি পাইছে সময়েহে ক'ব।
No comments:
Post a Comment