Monday 4 November 2013

গৰু কিয় গৰু



তামোল গছ এজোপাত পাঁচ মিটাৰমান দীঘল পঘা এডালেৰে গৰু এটা এৰাল দি থোৱা আছে। গৰুটো বাওঁ দিশে ঘূৰি ঘূৰি ঘাঁহ খাই আছে। এনেদৰে বাওঁ দিশে ঘূৰোতে ঘূৰোতে গৰুটোৰ ডিঙিটো ক্ৰমান্বয়ে তামোলজোপাৰ ওচৰ চাপি আহিছে। আহি আহি এসময়ত এনে লগৈ যে গৰুটোৰ ডিঙিটো তামোলজোপাত লাগি ল। সি আৰু ঘাঁহ খাব নোৱাৰা ল। তাৰ পিছতো কিন্তু সি বাওঁ দিশেই হেচা প্ৰয়োগ কৰি আগুৱাই যাবলৈ চেষ্টা কৰি আছে।

কাৰবাৰটো আমাৰ দত্তই চাই আছিল। দত্তই মন কৰিলে যে গৰুটো সোঁ দিশে ঘূৰিবলৈ লেই সি মুকলি হৈ পৰিব। কিন্তু সি তাকে কৰিব পৰা নাই। কিয় পৰা নাই? কাৰণ সি গৰু।

গৰুক কিয় গৰু বুলি কয় সেইদিনা দত্তই ভালদৰে বুজি পালে

No comments:

Post a Comment