Monday 4 November 2013

চিটিবাছত এদিন



দুজনীয়া আসনত দুজন মানুহ বহি গৈ আছিল। তেওঁলোকৰ কথোপকথন এনেকুৱা আছিল:
১ম জন: আপোনাৰ ঘড়ীত কেইটা বাজিছে?
২য় জন: মোৰ ঘড়ীত এতিয়া টা বাজিছে।
১ম: এতিয়া দহ বাজি ' চাগে' আপুনি কি টা বজাৰ কথা কৈছে হে?
২য়: আপুনি মোৰ ঘড়ীত কেইটা বাজিছে তাকেহে সুধিছে। মোৰ ঘড়ীত সঁচাই টা বাজিছে। পিছে আপুনিওতো ঘড়ী পিন্ধি আছে। আপুনি মোক সময় কিয় সুধিছে? আপোনাৰ ঘড়ীতনো কেইটা বাজিছে?
১ম: মোৰ ঘড়ীত ১২টা বাজিছে।
২য়: কৃষ্ণ! এতিয়াতো ১২ টা বাজিবৰ হোৱা নাই! কি ঘড়ীহে সেইটো?
১ম: মানে মোৰ ঘড়ীটো আচলতে১২ টা বজাতে বন্ধ হৈ আছে। বহুদিনেই 'ল।
২য়: মোৰো দেখোন একেই! ৫টা বজাতে বন্ধ হৈ আছে। বহুদিনেই 'ল।

তাৰ পাছত দুয়োজনে বহুত কথা পাতিলে আৰু মোবাইল উলিয়াই দুয়ো দুয়োৰে ফে'চবুক ফ্ৰেণ্ড হৈ পৰিল।

তেওঁলোক দুজন বৰ্তমানৰ বিখ্যাত ফে'চবুক ফ্ৰেণ্ডদ্বয় দত্ত আৰু কলিতা

No comments:

Post a Comment