Monday 22 July 2013

ৰহঘৰা

শ্ৰীমতী দত্তৰ তিনিডাল চুলি।
এবাৰ বিয়া এখন খাবৰ বাবে মেক আপ কৰিবলৈ তেওঁ বিউটি পাৰ্লাৰলৈ গ'ল। পাৰ্লাৰৰ ছো‌ৱালীজনীক তেওঁ ক'লে-
:মোক এটা ধুনীয়া খোপা বান্ধি দিয়াচোন।
খোপাটো বান্ধিবলৈ ধৰোতেই এডাল চুলি চিগি থাকিল। পাৰ্লাৰৰ ছো‌ৱালীজনীয়ে ক'লে -                    :বাইদেউ, আপোনাৰ এডাল চুলি চিগি থাকিল। এতিয়া কি কৰো?
শ্ৰীমতী দত্ত: তেনেহ'লে বেনী এডালকে গুঠি দিয়া।
বেনীডাল গুঠিবলৈ ধৰোতে আৰু এডাল চুলি চিগি থাকিল। পাৰ্লাৰৰ ছো‌ৱালীজনীয়ে তেতিয়া সুধিলে যে তেওঁ কি কৰিব। শ্ৰীমতী দত্তই গহীনাই উত্তৰ দিলে-
: আজি চুলি মেলিয়েই যাওঁ দিয়া তেনেহ'লে।

No comments:

Post a Comment