Thursday 4 July 2013

হীৰুদা


এটা জীৰ্ণ কামিজৰ গোন্ধ ভাহি থাকে
আকাশে-বতাহে, ৰ’দে বৰষুণে
এন্ধাৰে-পোহৰে, অৰঙে-দৰঙে
হঠাতে এটা হেৰোৱা বাঁহীৰ সুৰ হয়
বুকুত সোমায়, লহৰ তোলে
“মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে……”
জীৱদ্দশাত তই আছিলি এটা বোঁৱতী সুৰ
মৃত্যুশিল্পই তোৰ ভাস্কৰ্য গঢ়িলে
মোৰ বুকুত ।

No comments:

Post a Comment