Tuesday 16 July 2013

ককমা (আধামিনিটৰ গল্প)




ছো‌ৱালী স্কুলখনৰ ন‌ৱম আৰু দশম মানৰ ছাত্ৰীবোৰৰ একাংশ শিক্ষামূলক ভ্ৰমনৰ বাবে শি‌ৱসাগৰলৈ গৈছে। নীলিমাৰ কাষত বহি গৈছে সিহঁতৰ সকলোৰে অতিশয় আদৰৰ বিজ্ঞান শিক্ষক, যাত্ৰাটোৰ মূল ব্যক্তি নিৰ্মল চাৰ।সন্ধ্যা লাগো লাগো হৈছে। নীলিমাই অনুভ‌ৱ কৰিলে নিৰ্মল চাৰৰ আঙুলি এটা যেন তাইৰ গাল স্পৰ্শ কৰি লাহে লাহে তাইৰ শৰীৰৰ তললৈ নামি আহিছে। হঠাতে তাই চিৎকাৰ কৰি উঠিল – “ককমা! ককমা!!”
 
হুলস্থুলৰ শব্দত চালকে বাছখন ৰখাই দিলে। বাছৰ ভিতৰৰ লাইটবোৰ জ্বলি উঠিল। ছো‌ৱালীজাকে দেখিলে ককমা এটা খিড়িকিয়েদি  বাহিৰ হৈ গ’ল।
তাই ককমালৈ বৰ ভয় কৰে।

ককমা = পইতাচোৰা

No comments:

Post a Comment