Thursday 21 March 2013

সহযাত্রী(আধামিনিটৰ গল্প)



 

ঘৰ মুখী বাছত । সহযাত্রী এজন খুড়াৰ বয়সৰ লোক । অৱধাৰিত ভাবেই চিনাকি হল। মই সেই সময়ত ব্যক্তিগত খণ্ডৰ চাকৰি এটা কৰো। কম দৰমহা। সহযাত্রীজনে কেন্দ্ৰীয় চৰকাৰৰ বিভাগ এটাত কাম কৰে। তেওঁ মোক কলে যে তেওঁৰ বিভাগতে মই কাম পাব পাৰোঁ । সেই বিভাগত পদ খালী হলে কেতিয়া, , কেনেদৰে বিজ্ঞাপন দিয়ে তাকো কলে । লগতে কলে যে ঊৰ্ধতন কৰ্তৃপক্ষৰ লগত তেওঁৰ সম্পৰ্ক আছে। সেয়ে অলপ চাহ-তাহৰ খৰচ কৰিব পাৰিলে মোৰ চাকৰি হৈ যাব। এনেদৰে চাকৰি প্রায় খাটাং হওঁতেই মোৰ বাছৰ পৰা নামিবৰ হল। খুৰাই কলে তুমি পালাহি। আৰু দহ মিনিট পাছত ময়ো পামগৈ । ঘৰখন পায়ে বৰ বেয়া লাগে বুইছা। দুটাকৈ স্নাতক ভতিজা । বেকাৰ হৈ ঘৰতে বহি আছে ।

No comments:

Post a Comment