Thursday 21 March 2013

বিষ(আধামিনিটৰ গল্প)




চহৰখনৰ অতি সৎ ব্যক্তি ৰূপে পৰিচিত বিশিষ্ট ব্যৱসায়ীজন চিকিৎসকৰ কাষ চাপিছে । তেওঁ সোঁহাতৰ বুঢ়া আঙুলিত আজি কেইদিনমানৰ পৰা এক তীব্ৰ বেদনা অনুভৱ কৰিছে । ৰোগৰ বিৱৰণে চিকিৎসকৰ মুখৰ মাত নোহোৱা কৰিলে । ৰোগীৰ সোঁহাতখন বাহুতে নাই। দুবছৰমান আগতে উগ্ৰপন্থীসকলক ধন আদায় নিদিয়াত গুলীৰে তেওঁৰ সোঁহাত খন থকাসৰকা কৰে । ফলত সেইজন চিকিৎসকৰ তত্বাৱধানতে হাতটো বাহুতে কাটি পেলাব লগা হয় ।

No comments:

Post a Comment